লংকাঃ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি সদম্ভে ঘোষণা কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য়।
ৰাজ্যৰ জনসাধৰণে বিদ্ৰোহী সংগঠনৰ প্ৰতি মোহভংগ হোৱা বুলি প্ৰায়ে প্ৰচাৰ হৈ আহিছে৷ ৰাজ্যৰ জনসাধৰণে আজিও হাবি জংঘলত থাকি বিদ্ৰোহ কৰি থকা আলফা তথা পৰেশ বৰুৱাৰ বিৰুদ্ধে মোহভংগ হোৱা বুলি প্ৰচাৰ হৈ থকাৰ সময়তে পৰেশ বৰুৱা জিন্দাবাদ আলফা জিন্দাবাদ ধ্বনিৰে ৰাজ্যৰ ৰাজ পথ লাহে লাহে উত্তাল হ’ব ধৰিছে৷