newsnextone.com মৰ্ঘেৰিটাঃ আলফা স্বাধীনক নমস্কাৰ কৰিছোঁ৷ আলফা স্বাধীন আৰু পৰেশ বৰুৱাক আজিও অসমৰ ৰাইজে ভাল পায়৷ আমাৰ নমস্কাৰ ৰক্ষা কৰি গোপাল উপাধ্যায়ক মুকলি কৰি দিব বুলি আশা কৰিলো৷ এই মন্তব্য আলফা স্বাধীনে অপহৰণ কৰি নিয়া চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ৰ নিজ গাঁৱৰ লোকসকলৰ৷
যোৱা ৮ জুনত আলফা স্বাধীনৰ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত দল এটাই তিনিচুকীয়া জিলাৰ ফানেং চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপধ্যায়ক অপহৰণ কৰি নিয়াৰ পিছৰে পৰা গোপাল উপধ্যায়ৰ গাঁৱৰ তথা উদয়পুৰবাসীয়ে আলফা স্বাধীনক চাহ বাগিচাৰ কৰ্মচাৰী গোপাল উপাধ্যায়ক এৰি দিয়াৰ আহ্বান জনাই আহিছে৷