তেজপুৰঃ বহুবল্কী, বহু বিতৰ্কিত ৰাজ্যৰ মন্ত্ৰী পল্লৱ লোচন দাসৰ সমষ্টিত দেওবাৰে পুৱাই ৰাইজ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ৷ দুটা বছৰে সমষ্টিৰ ৰাইজৰ খবৰ নৰখা মন্ত্ৰীগৰাকীৰ সমষ্টিৰ ৰাইজে এখন দলং নিৰ্মাণ কৰাৰ দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে দেওবাৰে পুৱাই প্ৰতিবাদমূখৰ হৈ পৰে৷
এবছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাত কেইবাশতাধিক পুৰুষ-মহিলাই দহোবন কাটি কৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহে৷ মন্ত্ৰী পল্লৱ লোচন দাসক মিছলীয়া আখ্যা দি একপ্ৰকাৰ ৰাইজে সতৰ্ক কৰি দিয়ে৷ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে কয় ‘‘পল্লৱ লোচন দাস মহোদয়ে জানি থোৱা ভাল ৰাইজে সদায় সহ্য কৰি নাথাকে৷