newsnextone.com | ৰঙিয়াঃ অসমত পাৰপত্ৰৰ ব্যৱস্থা কৰাৰ দাাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে সোমবাৰে ৰঙিয়া গান্ধী মণ্ডপৰ সন্মূখত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত জিলা সমিতিৰ প্ৰায় অৰ্ধশতাধিক বিষয়ববীয়া উপস্থিত থাকে।
দিনৰ ১১ বজাৰ পৰা ২ বজালৈ ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীত অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্ঠা জ্যোতিৰ্ময় কলিতা, কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক বিনয় কুমাৰ ডেকা, ৰঙিয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভৱেশ কুমাৰ ডেকাৰ লগতে ৰঙিয়া আঞ্চলিক সমিতিৰ নৱজ্যোতি কলিতা উপস্থিত থাকে।