চৰাইদেউঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত কংগ্ৰেছ নেতাক জাৱৰৰ সৈতে তুলনা কৰাত ৰাজ্যজুৰি হৈ চৈ লাগিল৷ কিন্তু যিখন জিলাত তেওলোকৰ নেতাক লৈ কটুক্তি কৰিলে সেই খন জিলাৰ কংগ্ৰেছ নেতা-কৰ্মী শুই থাকিল তিনিটা দিন৷ অৱশেষত তেওলোকে তুপুনিৰ পৰা উঠি জিন্দাবাদ-মুৰ্দাবাদ ককৰিবলৈ আৰম্ভ কৰিলে৷ \
চৰাইদেউ জিলাৰ প্ৰশাসনৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীব গান্ধীৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীক জাবৰ আখ্যা দিয়াত ৰাজ্য আজিও উত্তাল হৈ আছে৷ অৱশেষত সাংসদগৰাকীয়ে ক্ষমা খুজিলেও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত৷