শোণিতপুৰঃ তেজপুৰ চিকি९সা মহাবিদ্যালয় যেন বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। হস্পিতালখন উদ্ঘাটন হোৱাৰে পৰাই নানা বিতৰ্ক, নানা সমস্যাই আগুৰি ৰাখিছে। কেতিয়াবা চিকি९সকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উঠে, আন কেতিয়াবা ৰোগীৰ আত্মীয়ই চিকি९সালয়ৰ চৌহদত অশোভনীয় পৰিৱেশৰ সৃষ্টি কৰে। মুঠতে বিতৰ্কই লগ এৰা নাই চিকি९সা মহাবিদ্যালয়খনক।
এইবাৰ পিছে চতুৰ্থ বৰ্গৰ চাফাই কৰ্মীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি চৰ্চালৈ আহিছে তেজপুৰ চিকি९সা মহাবিদ্যালয় চিকি९সালয়। বিধি অনুসৰি যোৱা বছৰৰ ২৩ নৱেম্বৰত 'হাউচ কিপিং' আৰু চিকিউৰিটি চাৰ্ভিছৰ নিবিদা হস্পিতাল কৰ্তৃপক্ষই বহুকেইটা সংস্থাৰ পৰা লৈছিল।
কিন্তু কৰ্তৃপক্ষই এই সন্দৰ্ভত বিগত ৬ মাহ ধৰি কোনো সিদ্ধান্ত নিয়ম অনুসৰি ঘোষণা নকৰাকৈয়ে তদানীন্তন অধ্যক্ষ নিৰ্মল চন্দ্ৰ ভট্টাচাৰ্যই মৌখিক প্ৰতিশ্ৰুতিৰে উদয়ন এন্টাৰপ্ৰাইজ নামৰ সংস্থাটিক হাউচ কিপিং বিভাগটো পৰিচালনা কৰাৰ দায়িত্ব দিয়ে। বৰ্তমানৰ অধ্যক্ষ মাধুৰ্য ঠাকুৰীয়াইও পূৰ্বৰ অধ্যক্ষৰ কথামতেই উদয়নক বিভাগটো পৰিচালনা কৰি যাবলৈ অনুমতি দিয়ে।
বিগত ছমাহ ধৰি উদয়নে কাৰ্যনিৰ্বাহ থকা অৱস্থাত আজি গুৱাহাটীৰ নৰ্থ ইষ্ট চিকিউৰিটি চাৰ্ভিছ নামৰ প্ৰতিষ্ঠান এটাই পূৰ্বে কোনো জাননী নিদিয়াকৈ হঠাতে আহি কৰ্মৰত হাউচ কিপিং কেইবাগৰাকীও ব্যক্তিক তেওঁলোকে লৈ অহা পোছাক পৰিধান কৰিবলৈ দিয়াত তেওঁলোক হতভম্ব হৈ পৰে আৰু কেইবাগৰাকী কৰ্মচাৰীক অলপ পলম হোৱাৰ অজুহাত দেখুৱাই ভয়-ভাবুকি প্ৰদান কৰি কামৰ পৰা খেদি পঠাব বুলিও ভাবুকি দিয়ে।
বিষয়টো আন কৰ্মীসকলক অৱগত কৰাত ততমুহূৰ্ততে সকলো কৰ্মচাৰী সমবেত হৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। এই অনাহূত পৰিস্থিতিৰ সূত্ৰপাত হোৱা দেখি একাংশ কৰ্মচাৰীয়ে প্ৰশ্ন কৰিছে- নৰ্থ ইষ্ট চিকিউৰিটি চাৰ্ভিছ প্ৰতিষ্ঠানটিয়ে যদি তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ে তেন্তে তেওঁলোকৰ কি হ’ব ? ১১৮ গৰাকী ব্যক্তিৰ জীৱন জীৱিকালৈ ভাবুকি কঢ়িয়াই অনা এই কাৰ্যই স্বাভাৱিকতে কৰ্মৰত কৰ্মচাৰীসকললৈ সংশয় কঢ়িয়াই আনিছে।
উদয়ন এন্টাৰপ্ৰাইজৰ কৰ্মকৰ্তাই অভিযোগ কৰি কয় যে নৰ্থ ইষ্ট চিকিউৰিটি চাৰ্ভিছৰ নিবিদাৰ হাৰতকৈ উদয়ন এন্টাৰপ্ৰাইজৰ নিবিদাৰ হাৰ কম হোৱা স্বত্বেও কিহৰ ভিত্তিত চিকিউৰিটি চাৰ্ভিছ আৰু হাউচ কিপিং দুয়োটা বিভাগৰে কামৰ দায়িত্ব লাভ কৰিছে?
আনহাতে মেডিকেল কলেজ কমিটিৰ সভাপতি তথা বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়ে বিষয়টো সন্দৰ্ভত এতিয়ালৈকে কোনো সুস্থিৰ সিদ্ধান্ত নোলোৱাত সন্দেহৰ উদ্ৰেক হৈছে বুলি একাংশ কৰ্মচাৰীয়ে অভিযোগ কৰিছে।