newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত শুকুৰবাৰে ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় শতাধিক স্থানীয় পুৰুষ-মহিলাই ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজপথত চলাচল কৰা যান-বাহন তথা চালকক নিয়ন্ত্ৰণ কৰাৰ দাবী জনায় প্ৰশাসনক। ৰাইজে পৰিবহন আইনক ভেঙুচালি কৰি একাংশ চালকে গাড়ী-মটৰ চলাই সন্ত্ৰাসৰ চলাই আহিছে যদিও প্ৰশাসনে নিয়ন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে। ৰাইজে পথ অৱৰোধ কৰি ৰাজপথত সন্ত্ৰাস চলোৱা চালকক ধৰি শাস্তি বিহিবলৈ দাবী জনায়।

 জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সমীপত ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল আহোম পথাৰ গাঁৱৰ এজন যুৱক৷ ঘটনা সংঘটিত কৰিয়েই গাড়ী খন পলাই যাবলৈ সক্ষম হয় যদিওঁ স্থানীয় ৰাইজে চাহপাত কঢ়িওৱা গাড়ীয়ে যুৱকজনক খুন্দিয়াই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ 

এই ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ এলেকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন চিনাক্ত কৰিব নোৱাৰত ৰাইজ ক্ষোভিত হৈ পৰে আৰু ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি দোষী চালকক আটক কৰাৰ দাবী জনায় আৰক্ষীক ৷ প্ৰায় এঘণ্টা কাল পথ অৱৰোধ কৰাৰ ফলত শতাধিক যান-বাহন পথৰ ওপৰত থিয় দি থাকিব লগা হয়।