Home ৰাজ্যৰাজপথত চালকৰ সন্ত্ৰাস ৰোধ কৰাৰ দাবীত জাগুনত পথ অৱৰোধ পুৰুষ-মহিলাৰ

ৰাজপথত চালকৰ সন্ত্ৰাস ৰোধ কৰাৰ দাবীত জাগুনত পথ অৱৰোধ পুৰুষ-মহিলাৰ

by News Desk
47 views
A+A-
Reset

newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত শুকুৰবাৰে ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় শতাধিক স্থানীয় পুৰুষ-মহিলাই ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাজপথত চলাচল কৰা যান-বাহন তথা চালকক নিয়ন্ত্ৰণ কৰাৰ দাবী জনায় প্ৰশাসনক। ৰাইজে পৰিবহন আইনক ভেঙুচালি কৰি একাংশ চালকে গাড়ী-মটৰ চলাই সন্ত্ৰাসৰ চলাই আহিছে যদিও প্ৰশাসনে নিয়ন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে। ৰাইজে পথ অৱৰোধ কৰি ৰাজপথত সন্ত্ৰাস চলোৱা চালকক ধৰি শাস্তি বিহিবলৈ দাবী জনায়।

 জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সমীপত ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল আহোম পথাৰ গাঁৱৰ এজন যুৱক৷ ঘটনা সংঘটিত কৰিয়েই গাড়ী খন পলাই যাবলৈ সক্ষম হয় যদিওঁ স্থানীয় ৰাইজে চাহপাত কঢ়িওৱা গাড়ীয়ে যুৱকজনক খুন্দিয়াই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0