ডিমাকুছিঃ বিটিচি এলেকাত বসবাস কৰা কোচ ৰাজবংশী, নাথ-যোগী, চাওতাল আৰু নেপালী আদি জনগোষ্ঠীৰ সংৰক্ষিত মৰ্যদা কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ উত্তাল হৈ পৰিছে বিটিএডি৷
১২ জানুৱাৰীত বিটিচি কেবিনেট বৈঠকত সংৰক্ষিত জনগোষ্ঠী সমুহৰ ভুমিৰ অধিকাৰ কৰ্তন কৰি পৰিষদে লোৱা সিদ্ধান্ত মৰ্মে জনজাতীয় লোকৰ ভুমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি অৱধাৰিত৷ ইমান দিনে বিটিচি এলেকাত সংৰক্ষিত জনগোষ্ঠী হিচাপে বিশেষ মৰ্যদা সহকাৰে বসবাস কৰা জনগোষ্ঠী কেইটাই ১৮৮৬ চনৰ আসাম লেণ্ড ৰেভিনিউ ৰিগুলেচন এক্টৰ অধীনত ভুমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সকলো সুবিধা লাভ কৰি আহিছিল৷