তেজপুৰ টাউনঃ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান কৰা এমহীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ হিন্দু-বংলাদেশী পুণৰ সংস্থাপনৰ বিৰোধীতা, অসম চুক্তি ৰূপায়ন, সাংবিধানিক ৰক্ষা কবচ প্ৰদান, অবৈধ্য বাংলাদেশী বহিঃস্কাৰ, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আদিৰ দাবীত ছাত্ৰ সন্থাই জোঁৰ সমদল উলিয়ায়৷
এই সমদলত সদৌ শোণিতপুৰ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ, সম্পাদক নিতুল বৰাৰ লগতে ৰাঙাপাৰা, তেজপুৰ, পশ্চিম তেজপুৰ, ঢেকীয়াজুলী, জামগুৰিকে আদি কৰি প্ৰায় শতাধিক ছাত্ৰ সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহন কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়লৰ পৰা আৰম্ভ কৰি তেজপু্ৰৰ মাজমজিয়াইদি এই সমদল সম্পন্ন কৰে।