75
বিহুগুৰিঃ বড়ো সকলৰ স্বাভিমান আৰু অধিকাৰৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ ৰাজ্য চৰকাৰৰ এলাগীৰ বলি হোৱা বড়ো জনজাতিৰ লোক সকলে বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ যাৰ পৰিপ্ৰেক্ষিতত আজি কোকৰাঝাৰ লগতে ঢেকিয়াজুলি বাতাচিপুৰত আবছু কৰ্মীয়ে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
আজি বাতাচিপুৰ ৰেল ষ্টেচনত ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আবছু প্ৰতিবাদকাৰীয়ে ৰেল পথ অৱৰোধ কৰি নিজৰ প্ৰাপ্যৰ হকে প্ৰতিবাদ সাব্যস্ত কৰে৷