ৰঙিয়াঃ ৰঙিয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ মুল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি মুল্যবৃদ্ধি ৰোধত বিফলহোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বুধবাৰে যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
পৰিৱৰ্তনকামী চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰ জুয়ে ৰাজ্যবাসীক জ্বলা-কলা খুওৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্ৰতিবাদ জনায়৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে শ্ৰমিক, দিন হাজিৰা কৰা লোকসকলক জ্বলা-কলা খুৱাইছে৷ অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷