শিৱসাগৰঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ সকলো প্ৰতিশ্ৰুতিয়ে এতিয়া অসাৰ হৈ পৰিল এজিপি-বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰৰ৷ পৰিবৰ্তনৰ মিছা ফুলজাৰি ফুটাই ৰাজপাত দখল কৰা চৰকাৰখনে এতিয়া সকলো সময়তে জনবিৰোধী কাম-কাজত লিপ্ত হোৱা হে পৰিলক্ষিত হৈছে৷
শেহতীয়াকৈ চৰকাৰে নিৰ্ধাৰণ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দুখীয়া আৰু সাধাৰণ শ্ৰেনীক মাধমাৰ সোধাইছে৷ আনহাতে চৰকাৰী নেতা পালিনেতাৰ চত্ৰ ছায়াত ৰৈ যোগান বিভাগেও লাহে লাহে নিজ খেয়াল খুচি মতেই বঢ়াইছে সামগ্ৰীৰ দাম৷ যাৰ ফলত সাধাৰণ নিচলা শ্ৰেনীয়ে নিজৰ প্ৰয়োজন খিনিও পূৰাবলৈ অসমৰ্থ হৈ পৰিছে৷