newsnextone.com | ৰৌতাঃ অকৰ্মণ্য বিদ্যুৎ বিভাগৰ চুড়ান্ত গাফিলতিৰ বাবে শুকুৰবাৰে নগাঁও জিলাৰ খাটোৱালত বিদ্যুৎপৃষ্ট হৈ ৬ জনকৈ লোকে অকাল মৃত্যুক সাবটি লয়। এই শোকাৱহ ঘটনাৰ পিছতে ঘুনে ধৰা বিদ্যুৎ বিভাগটোৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া উত্তাল হৈ পৰে ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁও চ'কত আমছুৰ ৰৌতা আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে হাতে-হাতে প্লে’কাৰ্ড লৈ বিদ্যুৎ বিভাগ মুৰ্দাবাদ, শক্তিমন্ত্ৰী তপন গগৈ গ'বেক, শক্তিমন্ত্ৰী তপন গগৈৰ কাম নাই, বিজেপি চৰকাৰ হুঁচিয়াৰ, তপন গগৈ অতি শীঘ্ৰে পদত্যাগ কৰক আদি বিভিন্ন চৰকাৰ বিৰোধিতা শ্ল’গান দি তপন গগৈৰ প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। 

উক্ত কাৰ্যসূচীৰ জৰিয়তে ওদালগুৰি জিলা আমছুৰ সাধাৰণ সম্পাদক মহিবুল ইছলামে ব্যৰ্থ মন্ত্ৰী তপন গগৈৰ পদত্যাগ দাবী উত্থাপন কৰাৰ লগতে বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যুক সাবটি লোৱা মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা আৰু আহত সকলক ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী কৰে৷ অন্যথা আমছুৱে সমগ্ৰ অসমতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে।