কোকৰাঝাৰঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা।ছচিয়েল মিডিয়াত আদিবাসী যুৱতী লক্ষী ওৰাঙৰ আপত্তিজনক ফটো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামত থকা ফে’চবুকৰ পেজত আপলোড কৰা আৰু পোষ্টকে সাংসদ আৰ পি শৰ্মাই শ্বেয়াৰ কৰাৰ প্ৰতিবাদতে আছাই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
ইয়াৰ অংশস্বৰূপে আজি কোকৰাঝাৰৰ মাগুৰমাৰীত আছাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু সাংসদ গৰাকীৰ পুত্তলিকা দাহ কৰে ৷ আছাৰ কেবাশতাধিক নেতা-কৰ্মীয়ে আজি দুপৰীয়া ১২ বজাত কোকৰাঝাৰস্থিত মাগুৰমাৰীত পুত্তলিকা দাহ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি যোগী আদিত্য নাথ মুৰ্দাবাদ,আৰপি শৰ্মা মুৰ্দাবাদ , বিজেপি হুচিয়াৰ , অমিত শ্বাহ হায় হায় , আদিবাসীক লৈ ৰাজনীতি বন্ধ কৰক আদি ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷