মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কাণ্ডক কেন্দ্ৰ কৰি আজিও সমগ্ৰ তিনিচুকীয়া জিলাত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত জিলাখনৰ মাৰ্ঘেৰিটা, তিনিচুকীয়া নগৰ, ডাঙৰী আৰু ডুমডুমাত ৰাজপথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷
মাৰ্ঘেৰিটাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা তথা সুৰভি মহিলা সমিতিৰ সহযোগত দিনৰ ১২ বজাৰ পৰা দুই ঘন্টা ধৰি প্ৰতিবাদকাৰী সকলে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷