newsnextone.com | কাকপথাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ ছৈখোৱা অাঞ্চলিক সমিতিয়ে ড০ ভূপেন হাজৰিকা সেতুৰ সমীপত উত্তৰ পূৰ্বাঞ্চল ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ প্ৰকল্প নিৰ্মাণৰ কাম শীঘ্ৰে অাৰম্ভ কৰাৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে। শনিবাৰে দিনৰ ১১ বজাৰ পৰা অাৰম্ভ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসুচীত সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি অসম চৰকাৰে মুখৰ ফুলজাৰি মৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে।

অাছুৰ নেতৃত্বই উল্লেখ কৰা মতে, ২০১৭ চনৰ ২৬ মে’ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধলা-শদিয়া সংযোগী দেশৰ বৃহত্তম দলংখন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত উচৰ্গা কৰাৰ পিছতেই স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অাৰু সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে দলংখনৰ সমীপৰ বৃহৎ এলেকাত উত্তৰ পূৰ্বাঞ্চল ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ হিচাপে এক পৰ্যটনস্থলী গঢ়াৰ কথা অানুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।

অানকি সেই স্থানত প্ৰস্তাৱিত এলেকা সংৰক্ষিত কৰি ডাঙৰ হৰ্ডিং লগাই দলং পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ দৃষ্টি অাকৰ্ষণ কৰিছিল। কিন্তু যোৱা এটা বছৰ অতিক্ৰম কৰাৰ পিছতো সোণোৱাল চৰকাৰখনে প্ৰকল্প নিৰ্মাণৰ কাম অাৰম্ভ নকৰাৰ প্ৰতিবাদকল্পে অাছুয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে। 

অাছু নেতৃত্বই সোণোৱাল চৰকাৰক মিথ্যাচাৰী অাখ্যা দি সুধাকণ্ঠক চৰম অপমান কৰা বুলিহে মন্তব্য কৰে। শনিবাৰ সুধাকণ্ঠৰ ৯২ সংখ্যক জন্ম জয়ন্তীৰ দিনটোতে অসম চৰকাৰে দৃঢ় সংকল্প গ্ৰহণ কৰি উত্তৰ পূবৰ অন্যতম পৰ্যটনস্থলী হিচাপে ঘোষণা কৰা ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম অাৰম্ভ কৰিবলৈ ধৰ্মঘটথলীৰ পৰা ছাত্ৰ সংগঠনটোৱে অাহ্বান জনায়। অন্যথা সুধাকণ্ঠক কৰা অপমান অাৰু প্ৰতিশ্ৰুতি পুৰণত ব্যৰ্থ সোণোৱাল চৰকাৰে ইয়াৰ পৰিনাম ভূগিব লাগিব বুলি ছাত্ৰ সংগঠনটোৱে সকীয়াই দিয়ে।