newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দৰিকা দলংখনৰ দুৰাৱস্থাই ৰাইজক জ্বলাকলা খুৱাইছৗে৷ জৰাজীৰ্ণ দলং খনেৰে বাহন, ব্যক্তি আদি পাৰ হওতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দিনক দিনে বৃদ্ধি পাইছে৷ কিন্তু ইমানৰ পিছতো এটা সদা ব্যস্ত বথৰ ওপৰত থকা ভগ্ন দলংখন পুনৰ মেৰামতি কৰাৰ বাবে উন্নয়নকামী চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কেই গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ 

যাৰ পৰিপ্ৰেক্ষিত শনিবাৰে দলংখন নিৰ্মাণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশ লোৱা প্ৰতিবাদ কাৰ্যত প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, গডকপ্তানী বিভাগ হায় হায় আদি শ্ল’গান দি অতিশীঘ্ৰে দৰিকা নৈৰ ওপৰত থকা দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনায়৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আটাছুৱে৷

উল্লেখ্য যে, শিৱসাগৰৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়া জিলালৈ যাতায়তৰ গুৰুত্বপূৰ্ণ পথছোৱাৰ দৰিকা নদীৰ ওপৰত থকা দলংখন বিগত ছয়মাহৰ পৰা যাতায়তৰ অনুপযোগী হৈ পৰিছে৷ দলং খনৰ ওপৰত সৃষ্টি হোৱা দ’ দ’ গাতৰ ফলত বহু কেইটা দূৰ্ঘটনাৰো কাৰক হৈ পৰিছে দলংখন৷ শিৱসাগৰৰ বহু কেইটা দল-সংগঠন, ৰাইজে দলংখনৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰৰ এই ক্ষেত্রত অমনযোগিতা মনোভাৱ পোষণ কৰি আহিছে৷