50
মঙলদৈঃ কেন্দ্ৰৰ শাসনৰ গাদীত বহা বিজেপিয়ে আজি মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে Left Democratic Front (LDF) তথা চিপিআইএমৰ বিৰুদ্ধে৷
কেৰালাৰ শাসনাধিষ্ঠ চিপিআইএমে বিজেপি দলৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি বিজেপি কৰ্মীয়ে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ মুখৰ হৈ পৰে৷