মৰিয়নীঃ ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণ, অপহৰণৰ দৰে ঘটনা৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শান্তি সম্প্ৰীতি ধ্বংস হোৱা পৰিলক্ষিত হৈছে৷ ইফালে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত সংঘটিত হৈ থকা বিবাদেও মুৰৰ কামোৰণি তুলিছে অসমবাসী ৰাইজৰ৷
যোৱা ২১ এপ্ৰিলত নগা দুৰ্বৃত্তই অপহৰণ কৰা অসমৰ দুজন গাড়ী চালক আৰু হেণ্ডিমেনৰ মুক্তিপণ হিচাপে ২০ কোটি টকা দাবী কৰিছিল নগা দুৰ্বৃত্তই৷ কিন্তু অপহৰণ কাণ্ড সংঘটিত হোৱাৰ ১০ দিন পিছতো চালক-হেণ্ডিমেন দুগৰাকীক মুক্ত কৰি আনিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷