newsnextone.com | ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিটো শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰস্তাৱিত আৰু নিৰ্মীয়মান সকলো বৃহৎ বান্ধৰ প্ৰকল্প বন্ধ তথা ইতিমধ্যে নিৰ্মিত প্ৰকল্পবোৰৰ সামগ্ৰিক কু প্ৰভাৱ মূল্যায়ণ কৰি সেই সমূহ পৰ্যায় ক্ৰমে ডি-কমিছন কৰা, অসমৰ বানপানী-গৰাখহনীয়া সমস্যাক স্থায়ীভাৱে সমাধান আৰু ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ওদালগুৰিৰ দুৰ্গা পূজা মণ্ডপত কৃষক মুক্তি সংগ্ৰাম সমিতি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দিনৰ ১১ বজাৰ পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি দীপক শৰ্মা, যুটীয়া সম্পাদক পংকজ অসমীয়া আৰু সৎৰাম বড়াৰ নেতৃত্বত ৰূপায়ন কৰা এই আন্দোলন কাৰ্যসূচীত উপস্থিত থাকে যুৱ-ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা হিমাংশু দাস, জিলা সভাপতি কণ্ঠ দাস, জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বৰা, জিলা অসমীয়া যুৱ মঞ্চৰ সচিৱ প্ৰধান ধনদ্বীপ বড়া, প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভাপতি ধজেন দাসকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজ।