newsnextone.com | গোলকগঞ্জঃ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় চৌহদত শনিবাৰে পুৱা ১১ বজাৰ পৰা চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

উল্লেখ্য যে, গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ মূল ভৱন আৰু ছাত্ৰী নিবাসৰ নিৰ্মাণ কাৰ্য্যত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত কেইটামান 
মাহ পূৰ্বে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ 
 
এই প্ৰতিবাদৰ পিছতে ধুবুৰী জিলা প্ৰশাসনে শীঘ্ৰেই এই অভিযোগৰ তদন্ত কৰি তাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছল৷ কিন্তু এই প্ৰতিশ্ৰুতি প্ৰদানৰ কেইবা মাহো উকলি যোৱাৰ পিছতো ঘটনা সন্দৰ্ভত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ক্ষুব্ধ হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ-ছাত্ৰী৷  

শনিবাৰে ধুবুৰী ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতি আৰু প্ৰশাসনৰ হেমাহিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৪ ঘন্টা ধৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ ছাত্ৰ মুক্তিৰ প্ৰতিবাদকাৰী সকলে মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী জনোৱাৰ লগতে চৰকাৰে প্ৰতিশ্ৰতি প্ৰদান কৰা গোলকগঞ্জ বিজ্ঞানকেন্দ্ৰৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা, আইটি আইৰ প্ৰশিক্ষণ আৰম্ভ কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি ধৰ্মঘটৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰে আৰু গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই সমস্যা সমূহ সমাধানৰ দাবী উত্থাপন কৰে৷