newsnextone.com | বিহালীঃ সমগ্ৰ উজনি অসমৰ লগতে উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ অন্যতম চাহ অধ্যুষিত অঞ্চল হিচাপে খ্যাত বিহালী বিধানসভা সমষ্টিত কেঁচা চাহপাতৰ দৰ হোৰে হোৰে কমাই বহুাজাতিক চাহ কোম্পানী সমূহে মুনাফা আদায় কৰি অহাৰ সময়তে বিহালীত এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
ক্ষুদ্ৰ চাহ খেতিয়কৰ এই দূৰ্যোগৰ সময়ত অন্যান্য চাহ সংগঠনসমূহ নিৰৱে থকাৰ সময়তে খেতিয়কসকলক উচিত প্ৰাপ্য আদায় দিয়াৰ দাবীত মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, কৃষক মহাসভাই গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে এক গুৰুত্বপূৰ্ণ তাৎপৰ্য্য বহন কৰিছে।