চিচিবৰগাঁওঃ নামনি সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ পুণৰ সৰৱ হৈ উছিঠে ৰাজ্যৰ দল-সংগঠন৷ হেজাৰ হেজাৰ খিলঞ্জীয়াক দুৰ্যোগত পেলাই এন এইচ পি চিয়ে গোপনে নিৰ্মাণ কৰিবলৈ ওলোৱা গেৰুকামুখ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত পুনৰ জ্বলি উঠিছে প্ৰতিবাদৰ জুই৷
জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰতিবাদত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ, ধেমাজি, মাজুলি আৰু বিশ্বনাথ জিলা সমিতিয়ে আজিৰে পৰা এলানি ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত ধেমাজি জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত যুৱ ছাত্ৰ পৰিষদ আৰু এন এইচ পি চি কৰ্তৃপক্ষৰ আলোচনাত যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াক যিকোনো সময়ত প্ৰকল্পস্থলীত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল৷