চাবুৱাঃ কৃষক নেতা অখিল গগৈক সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড়ৰ আদালতত হাজিৰ কৰাই৷ আৰক্ষীয়ে কটকটীয়া নিৰপত্তাৰ মাজেৰে আদালতৰ পিছ দুৱাৰেৰ প্ৰবেশ কৰে অখিল গগৈক৷ আদালতে অখিল গগৈক ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ লগতে অখিলৰ সৈতে গ্ৰেপ্তাৰ কৰা ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ নেতা প্ৰদীপ শালৈক ১০ হাজাৰ টকাৰ বণ্ডত জামিনত মুক্তি দিয়ে৷ অখিলক ন্যায়িক জিম্মাৰ প্ৰেৰণ কৰাৰ লগতে অহা ২৫ চেপ্তেম্বৰত পুনৰ হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে আদালতে৷
আনহাতে সোমবাৰে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত ডিব্ৰুগড় কপাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় চহৰীয়া সংহতি ভৱনৰ পৰা সমদল কৰি অহা প্ৰতিবাদকাৰী দলটোক জিলা প্ৰশাসনে মোতায়েন কৰি আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে বাধা প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি জিলা উপায়ুক্ত কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।