কাকাপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি বিভিন্ন জাতীয় দল সংগঠনৰ যৌথ উদ্যোগত বৃহত্তৰ খিলঞ্জীয়া সুৰক্ষাৰ প্ৰতিবাদত এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়৷ সমদলটোত নেতৃত্ব বহন কৰে আলফা আলোচনা পন্থী নেতা জীতেন দত্তই৷ আজি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি, জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিকে প্ৰমুখ্য কৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ লগতে সহশ্ৰাধিক জনসাধাৰণ স্বতঃস্ফুৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদী সকলে অসমত অনা অসমীয়াৰ দাদাগিৰি নচলিব, অসমত খিলঞ্জীয়া সুৰক্ষা নিশ্চিত কৰক, অসম চৰকাৰ হুচিয়াৰ আদি কৰি আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ সমদলকাৰী দলটোৰ কাকপথাৰ থানা চাৰিআলিত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোৱা প্ৰতিবাদী সভাত আলোচনাপন্থী আলফা নেতা জীতেন দত্তই কয় যে এই খন ৰাঘৱ মৰাণ, লাচিতৰ দেশ, ইয়াত আহ ঐ আহ ওলাই আহ কৈ প্ৰতিবাদ কৰাতকৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে সাহসেৰে যুজিবলৈ শিকাইছে৷