70
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত আজি টাই আহোম যুৱ পৰিষদৰ বগীবিল আঞ্চলিক সমিতিখনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলি থকা বগীবিল দলঙখনৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সমিতিখনে দাবী উত্থাপন কৰে৷
তদুপৰি দলংখনৰ নাম আহোম ৰজা স্বৰ্গদেউ চুকাফা সেতু হিচাপে নামাকৰণ কৰিবলৈকো দাবী জনায় সমিতিখনে৷