কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদানৰ দাবীত এবছু, এনডিএফবি (প্ৰগতিশীল) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত আজি কোকৰাঝাৰ আৰু শোণিতপুৰত অনুষ্ঠিত হোৱা ৰেলপথ অৱৰোধৰ ফলত উত্তৰ পূবৰ সৈতে দেশৰ আন প্ৰান্তৰ ৰেলৱে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে।
আজি ৰাতিপুৱা ৫ বজাৰে পৰা কোকৰাঝাৰ ৰেলৱে ষ্টেচন আৰু শোণিতপুৰ জিলাৰ বাতাচিপুৰস্থিত ঢেকিয়াজুলি ৰোড ৰেলৱে ষ্টেচনত পিকেটিংকাৰীয়ে ৰেলপথ অৱৰোধৰ কৰাৰ ফলত উত্তৰ পূবৰ সৈতে দেশৰ আন প্ৰান্তৰ ৰেলৱে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰাৰ ফলত ৰেলযাত্ৰী সকল ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হয়।