59
মাৰ্ঘেৰিটাঃ গোৰ্খালেণ্ডৰ দাবীত উত্তাল হ’ল অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুণ।
আজি সন্ধিয়া প্ৰায় ৭ বজাত টিৰাপ-জাগুণ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰায় অৰ্ধ সহস্ৰাধিক স্থানীয় গোৰ্খা সম্প্ৰদায়ৰ লোকে হাতে হাতে মম জ্বলাই সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।