নগাঁওঃ আজি নগাঁও চহৰৰ মাজমজিয়াত অসম গণ পৰিষদ আৰু অসম যুৱ পৰিষদে এক অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। এই ধৰ্মঘট কাৰ্য্যসূচীত প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশ লয়।
বৰ্তমান নগাঁও তথা অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তি-সম্প্ৰতি অটুট ৰখা, হিন্দু-বাংলাদেশীৰ ক্ষেত্ৰত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অসম চুক্তি আখৰে আখৰে পালন কৰা দাবীৰে অৱস্থান ধৰ্মঘট পালন কৰে দুই সংগঠনে৷