newsnextone.com | মঙলদৈ/দুলীয়াজান/গৌৰিসাগৰ/চিচিবৰগাঁও/তেজপুৰ/বোকাজানঃ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত ছচিয়েল মিডিয়াত সোপাধৰাৰ উৰা বাতৰি প্ৰচাৰ কৰাৰ পিছতেই একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে দল-সংগঠনে ঘটনাক গৰিহণা দিয়ে৷ দেওবাৰে ৰাজ্যজুৰি ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে৷
ত ৰাইজে পিৰতিবাদ সাব্যস্ত কৰে৷ মঙলদৈৰ ধূলা, পানবাৰী, বৰিগাঁও, বেচিমাৰি, ছিপাঝাৰত ৰাইজ ৰাজপথলৈ ওলাই আহি ডকমকা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলদৈৰ ৰাইজে ঘটনাক গৰিহণা দি দোষীক ফাঁচী দিয়াৰ দাবী জনায়৷ হাতে হাতে মম জ্বলাই দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷
NNO দুলীয়াজানঃ দুলীয়াজানৰ যুৱক-যুৱতীসকলে টিপলিং বৰুৱা তিনিআলিৰ সমাজকৰ্মী সিৰ্দ্ধাথ বৰাৰ নেতৃত্বত অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ আত্মাৰ সদ্গতি কামনা কৰি মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি যুৱক-যুৱতীসকলে বিভিন্ন শ্ল’গান দিয়ে৷