অভয়াপুৰীঃ জাতি, মাটি, ভেটিক সুৰক্ষা দিয়াৰ ঘোষণাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যৰ শাসন ক্ষমতা লাভ কৰি শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য।
যোৱা ২২আগষ্টত নগাঁৱত আটা ব্যৱসায়িক সংস্থাৰ আক্ৰমনৰ বলি হৈছিল মুন বৰা সহিতে ৫ প্ৰাক্তন যুৱক৷ বহিৰাগত বণিয়াৰ নিকৃষ্ট আক্ৰমণৰ লগতে ধনদাবীৰ মিছা অভিযোগত হত্যাৰ প্ৰচেষ্টা চলোৱাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্র অসমত প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৰাজপথ প্ৰতিবাতী কণ্ঠেৰে উত্তাল হৈ পৰে৷