শিৱসাগৰঃ ভাল দিনৰ সপোন দেখুৱাই শাসনৰ বাঘজৰী দখল কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ক্ষমতা পোৱাৰ পাছতেই সম্পূৰ্ণ জনগণ বিৰোধী স্থিতি গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে৷
শেহতীয়াকৈ জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় ৰন্ধন গেছৰ পুনৰবাৰ মূল্যবৃদ্ধি কৰি সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধোৱাৰ প্ৰতিবাদ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে৷ শিৱসাগৰ নগৰৰ দ’লমূখ চাৰিআলিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷