মঙলদৈঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ যুৱ সাংবাদিক শান্তনু ভৌমিকক যোৱা ২০ ছেপ্তেম্বৰত সংবাদ গ্ৰহণ কৰিবলৈ যাওতেই দুৰ্বৃত্তই নৃশংস ভাৱে হত্যা কৰিছিল। সাংবাদিক গৌৰী লংকেশক হত্যাৰ পাছতেই শান্তনু ভৌমিকৰ হত্যাৰ ঘটনাই সমগ্ৰ দেশ জুৰি আলোড়নৰ সৃষ্টি কৰিছে৷
সাংবাদিক হত্যাৰ প্ৰতিবাদ অসমতো বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰা দেখা গৈছে৷ মঙলদৈ প্ৰেছ ক্লাৱ¸ দৰং জিলা বাৰ্তাজীৱী সংঘ আৰু আপকুৰ দৰং জিলা সমিতিয়েও সংবাদিক নিগ্ৰহক তীব্ৰ গৰিহনা দিয়াৰ লগতে গভীৰ উদ্দেগ প্ৰকাশ কৰে।