চাবুৱাঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ বিধ্বস্ত বাট-পথে জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে। সমষ্টিটোৰ অধিকাংশ বাট-পথৰ উন্নয়ণৰ বিপৰীতে দীৰ্ঘ সময় ধৰি বিসম্বাদৰ ৰাজনীতিৰে অসমৰ পৰিবেশ উত্তাল কৰি ৰাখিছে।
কংগ্ৰেছৰ শাসনৰ প্ৰতি জনসাধাৰণ অতিষ্ঠ হৈ বিকল্প হিচাপে ক্ষমতাত অধিষ্ঠিত কৰালে বিজেপি দলক। ডেৰটা বছৰ উকলি গ’ল। পৰিৱৰ্তন নহ’ল বাট-পথৰ সমস্যা। লাহোৱাল সমষ্টিৰ অধীনস্থ হেজেলবেংকৰ পৰা থানাই সংযোগী গুৰুত্বপূৰ্ণ এই গড়কাপ্তানী পথটো মেৰামতি কৰাৰ দাবীত ৭ জুন তাৰিখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰহমৰীয়াবাসী ৰাইজে একগোট হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল।