newsnextone.com | তেজপুৰঃ মহিলাৰ জাকে কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে ৰাজ্য চৰকাৰ বিৰুদ্ধে। ডিজিটেল ইণ্ডিয়াৰ গাঁৱৰ পথৰ বেকা-পানীত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। ডিজিটেল ইণ্ডিয়াৰ ৰাজপথত মানুহে ঘৰৰ পৰা ওলাব-সোমাব নোৱাৰে। হাতত চেণ্ডেল লৈ আহ-যাহ কৰিব লগা হয়।
দেওবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰক ধিক্কাৰ দিয়ে মহিলাসকলে৷ পথৰ দুৰৱস্থাই অৱশেষত ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিলে৷ ৰাজ্যৰ সৰ্বত্ৰে উন্নয়নৰ ফুলজাৰি ফুটাই থকা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এইবাৰ ৰাইজে পথত আৰম্ভ কৰিলে ভূঁই ৰুবলৈ৷ এটি পথৰ দুৰাৱস্থাই এনে কাৰ্য কৰিবলৈ ৰাইজক বাধ্য কৰালে৷