newsnextone.com | তেজপুৰঃ মহিলাৰ জাকে কঠিয়া হাতত লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটালে ৰাজ্য চৰকাৰ বিৰুদ্ধে। ডিজিটেল ইণ্ডিয়াৰ গাঁৱৰ পথৰ বেকা-পানীত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। ডিজিটেল ইণ্ডিয়াৰ ৰাজপথত মানুহে ঘৰৰ পৰা ওলাব-সোমাব নোৱাৰে। হাতত চেণ্ডেল লৈ আহ-যাহ কৰিব লগা হয়।

দেওবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰক ধিক্কাৰ দিয়ে মহিলাসকলে৷ পথৰ দুৰৱস্থাই অৱশেষত ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিলে৷ ৰাজ্যৰ সৰ্বত্ৰে উন্নয়নৰ ফুলজাৰি ফুটাই থকা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এইবাৰ ৰাইজে পথত আৰম্ভ কৰিলে ভূঁই ৰুবলৈ৷ এটি পথৰ দুৰাৱস্থাই এনে কাৰ্য কৰিবলৈ ৰাইজক বাধ্য কৰালে৷ 

চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুনবিল-ক’লনী-ৰঙাপৰা সংযোগী পথৰ দুৰৱস্থাই ৰাইজক জ্বলা কলা খুৱাই আহিছে৷ কদৰ্যময় পথটোৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অতি কষ্টৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হয়৷ স্বাধীনতাৰ পাছৰে পৰা এটি পকী পথৰ দাবী উত্থাপন কৰি অহিছে ৰাইজে তথাপিও গুৰুত্ব প্ৰদান নকৰে চৰকাৰে৷ 

স্থানীয় বিধায়ক পদ্ম হাজৰিকাক ৰাইজে বহু কাকুতি মিনতি কৰাৰ পাছতো আজিলৈকে পথটো পকীকৰণৰ ব্যৱস্থা নকৰিলে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ স্থানীয় বিধায়ক তথা সাংসদগৰাকীয়ে ৰাইজ সুবিধাৰ্থে পথছোৱা পকীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ দেওবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ 

জামুনবিল, কলনি, ফৰেষ্ট গেট, উৰহিলগা আদিকে ধৰি কেইবাখনো গাঁৱৰ একমাত্ৰ সংযোগী পথটোত বাৰিষা কালত বোকাময় হৈ পৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী, যান-বাহন আদি চলাচলত অসুবিধাৰ সৃষ্টি হৈ আহিছে৷  আনহাতে পথৰ দুৰাৱস্থাৰ বাবে গাঁও কেইখনলৈ নাযায় এম্বুলেন্স৷ ফলত বাৰিষা অঞ্চলবাসীয়ে হাহাকাৰ কৰিবলগীয়া হয়৷

নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভোট লাভৰ আশাৰে জৰাজীৰ্ণ পথটো পকী কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাইজে জনপ্ৰতিনিধিগৰাকীৰ মুখে দেখিবলৈ নোপোৱা হ’ল বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে৷ যমৰ যাতনাত ভুগি অহা ৰাইজে ৰাজ্য গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক আৰু সাংসদগৰাকীয়ে শীঘ্ৰে পথটো পকীকৰণৰ ব্যৱস্থা কৰাৰ দাবী জনায়। অন্যথাই আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচন বৰ্জনৰ কৰাৰ হুংকাৰ দিয়ে ৰাইজে।

আমি টাউনত যাব নোৱাৰো৷ স্বাস্থ্য কেন্দ্ৰত যাৱ নোৱাৰো৷ আমাৰ ৰাস্তা পদুলি একো নাই৷ বিদ্যুৎ নাই, ৰাস্তা নাই, লৰা-ছোৱালী স্কুলত যাব নোৱাৰে৷ আমি বিধায়ক পদ্ম হাজৰিকা দেৱক কিমান ভোট দি জয়ী কৰিছোঁ৷ আমি বিধায়কৰ পিছে পিছে কিমান ঘুৰিছো কিন্তু তেওঁ আমাৰ ফালে এদিনো চাব নাহে বুলি ক্ষোভ উজাৰে একাং মহিলাই।