চাবুৱাঃ অতি গুৰুত্বপূৰ্ণ এটি গড়কাপ্তানী পথ৷ যোৱা ২০ বছৰে মাটি এচপৰাও পৰা নাই এই পথটোত৷ কিন্তু যোৱা ৭ জুলাইত অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো। উজনি অসমৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত যোৱা ৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।