জাগীৰোডঃ ১০ মাহে দৰমহা নপায় এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে জাগীৰোজ কাগজ কলৰ বিষয়া-কৰ্মচাৰীয়ে৷ পৰিবৰ্তনৰ চৰকাৰৰ দিনত বিষয়া কৰ্মচাৰীয়ে দৰমহা নাপায় এতিয়া জাগীৰোড কাগজ কলৰ বিষয়া-কৰ্মচাৰীয়ে পাৰ কৰিবলগীয়া হৈছে যন্ত্ৰনাৰ দিন৷

যাৰ ফলত আজি অতিষ্ঠ হৈ কাগজ কলৰ সন্মুখতে ৮ ঘন্টীয়া অনশন ধৰ্মঘট পালন কৰিবলৈ বাধ্য হৈ পৰে নগাঁও কাগজ কলৰ বিষয়া সন্থাই৷ বিষয়া সন্থাই অনাদায় ১০ মাহৰ বেতন আদায় দিবলৈ এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ আনহাতে নগাঁও আৰু কাছাৰ কাগজ কলক শীঘ্ৰে কাৰ্যক্ষম কৰাৰো দাবী উত্থাপন কৰি বিষয়া সন্থাই অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰাপ্য দৰমহা আদায় দিবলৈ দাবী জনায়৷

অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হংকাৰ দিয়ে নগাঁও কাগজ কলৰ বিষয়া সন্থাই৷