গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী বলদমাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আজি এজন লোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে পোহৰলৈ আনিছে চৰকাৰ আৰু প্ৰশাসনৰ বহু দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ড।
প্ৰাপ্ত বাতৰি মতে, পঞ্চায়তৰ কাৰ্যালয়ৰ বাবে সৰবেশ আলী নামৰ ব্যাক্তিজনে ১৯৯৩ চনতে এবিঘা মাটি এৰি দিছিল। বিনিময়ত তেওৰ পুত্ৰ নজমুল হকক দিয়া হৈছিল চকীদাৰৰ চাকৰি৷ কিন্তু ৬ বছৰ চাকৰি কৰাৰ পিছতো দৰমহা নাপাই পৰিয়াল পোহ-পাল দিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰে নজমূলে।