বাঘবৰঃ বৰপেটা জিলাৰ মন্দিয়া আঞ্চলিক কৃষক সভাই আজি বাঘবৰ সমষ্টিৰ মন্দিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদত অংশ লৈ কাৰ্যালয়টোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনায়৷
মন্দিয়া আঞ্চলিক কৃষক সভাৰ সম্পাদক তফিজ উদ্দিন আহমেদ, সংগঠনটোৰ জিলা সম্পাদক আজিজুৰ ৰহমানে মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ গাঁও পঞ্চায়তৰ সভাপতি, সচিবে নিজৰ ইচ্ছা মতে বৃদ্ধ পেঞ্চনৰ তালিকা প্ৰস্তুত কৰি প্ৰকৃত বৃদ্ধ, বিধৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে।