newsnextone.com | ডিব্ৰুগড়ঃ দেই পুৰি নিয়া উৎকট গৰম৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ শিক্ষক-ছাত্ৰ, ব্যৱসায়ী আদিয়ে ঘৰৰ পৰা ওলাব ভয় কৰা হৈছে৷ মানুহ ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷ কিন্তু ইয়াৰ মাজতে সমগ্ৰ অসমত বিদ্যুতৰ লুকা-ভাকুই অতিষ্ঠ কৰিছে ৰাইজক৷

নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ৰাইজক পদুম ফুলৰ চিনত ভোট দিলে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত বিদ্যুৎ যোগান ধৰা পৰিলক্ষিত হোৱা নাই৷ অানকি শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে দায়িত্ব গ্ৰহণ কৰিয়েই সংবাদ মাধ্যমত জনাইছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা৷ প্ৰতিশ্ৰুতি দি মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই৷

তাৰ মাজতে, শুকুৰবাৰে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি অাৰু বালিজান চাইডিং অাঞ্চলিক সমিতিয়ে চাবুৱা ডিকম অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা কেইবাটাও দিন ধৰি বিদ্যুতৰ লুকা-ভাকু খেলি খেলি থকাত সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান কাৰ্যালয় আদি বাৰুকৈয়ে অতিষ্ঠ হৈ পৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ বিদ্যুতৰ সঘন আহ-যাহে ৰাইজক নৰক যন্ত্রনা দিয়া বুলি কৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামে মটক যুৱ-ছাত্র পৰিষদে৷ সংগঠনটোৱে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শক্তিমন্ত্রী তপন কুমাৰ গগৈৰ প্ৰতিমূৰ্তি দাহ কৰে৷ 

মটক যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক উমাকান্ত গগৈয়ে বিদ্যুৎ বিভাগৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দি চাবুৱা অাৰু ডিকম অঞ্চলত নিয়মীয়া বিদ্যুৎ যোগান ধৰি ৰাইজক সকাহ প্ৰদান কৰাৰ দাবী জনায়৷ অন্যথাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্রিক অান্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷ কাৰ্যসূচীত কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাও উপস্থিত থাকে৷