Home ৰাজ্যদেই পুৰি নিয়া গৰম, চাবুৱাত জ্বলিল শক্তিমন্ত্ৰী তপনৰ প্ৰতিকৃতি, ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী

দেই পুৰি নিয়া গৰম, চাবুৱাত জ্বলিল শক্তিমন্ত্ৰী তপনৰ প্ৰতিকৃতি, ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিব্ৰুগড়ঃ দেই পুৰি নিয়া উৎকট গৰম৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ শিক্ষক-ছাত্ৰ, ব্যৱসায়ী আদিয়ে ঘৰৰ পৰা ওলাব ভয় কৰা হৈছে৷ মানুহ ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷ কিন্তু ইয়াৰ মাজতে সমগ্ৰ অসমত বিদ্যুতৰ লুকা-ভাকুই অতিষ্ঠ কৰিছে ৰাইজক৷

নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ৰাইজক পদুম ফুলৰ চিনত ভোট দিলে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত বিদ্যুৎ যোগান ধৰা পৰিলক্ষিত হোৱা নাই৷ অানকি শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে দায়িত্ব গ্ৰহণ কৰিয়েই সংবাদ মাধ্যমত জনাইছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা৷ প্ৰতিশ্ৰুতি দি মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0