newsnextone.com | ডিব্ৰুগড়ঃ দেই পুৰি নিয়া উৎকট গৰম৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ শিক্ষক-ছাত্ৰ, ব্যৱসায়ী আদিয়ে ঘৰৰ পৰা ওলাব ভয় কৰা হৈছে৷ মানুহ ঘৰৰ পৰা ওলালেই ঘামি-জামি অৱস্থা নাইকিয়া হয়। কিয়নো প্ৰচণ্ড গৰমে দহি নিছে ৰাজ্য৷ সম্প্ৰতি প্ৰচণ্ড গৰমত দহিছে সমগ্ৰ ৰাজ্য৷ বিগত বছৰৰ অভিলেখ ভংগ কৰি সৃষ্টি হোৱা তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে সকলোকে কৰি তুলিছে ভাৰাক্ৰান্ত৷ জনজীৱন হৈ পৰিছে ব্যাহত৷ কিন্তু ইয়াৰ মাজতে সমগ্ৰ অসমত বিদ্যুতৰ লুকা-ভাকুই অতিষ্ঠ কৰিছে ৰাইজক৷
নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে ৰাইজক পদুম ফুলৰ চিনত ভোট দিলে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত বিদ্যুৎ যোগান ধৰা পৰিলক্ষিত হোৱা নাই৷ অানকি শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে দায়িত্ব গ্ৰহণ কৰিয়েই সংবাদ মাধ্যমত জনাইছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা৷ প্ৰতিশ্ৰুতি দি মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই৷