newsnextone.com | দিচাংমুখঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত যেন ক্ষান্ত নহয় অসমীয়া৷ কি উজনি কি নামনি এতিয়া সৰ্বত্ৰে মাথোঁ দিল্লী দিছপুৰৰ মচনদ দখল কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ আৰু প্ৰতিবাদ৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোৱে কৰিছে প্ৰতিবাদ। প্ৰতিদিনে কঁপি উঠিছে ৰাজপথ। তাৰ মাজতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাশতাধিক লোকে শিৱসাগৰত চহৰত সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰ আকাশ-বতাহ কঁপাই তোলে। সমদলত অংশ লোৱা প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।