ধনশিৰিঃ ৰাজ্যৰ প্ৰাম্তে প্ৰাম্তে এতিয়া প্ৰতিটো দিনেই মুখৰ হ’বলৈ ধৰিছে ধৰ্ণা, শ্ল’গানেৰে ৷ প্ৰতিশ্ৰুতিত আৱদ্ধ কল্যাণকামী ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে জাতীয় সংগঠনসমূহৰ সদস্যৰ লগতে খাটি খোৱা সাধাৰণ জনতাই ৷ বিভিন্ন সমস্যাত জৰ্জৰিত সাধাৰণ ৰাইজৰ এতিয়া মোহভংগ ঘটিছে শাসনত অধিষ্ঠিত চৰকাৰৰ প্ৰতি ৷
প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে ধৈৰ্য্যৰ সীমা চেৰাই ৰাজপথলৈ ওলাই আহিছে ৰাইজ ৷ যাৰ পৰিপেক্ষিতত সময়ে সময়ে গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বিভিন্ন ধৰণৰ হিংসুক কাৰ্যসূচী ৷