newsnextone.com মৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উদয়পুৰবাসীয়ে দেওবাৰে ৯ মাইলত এগৰাকী ব্যৱসায়ীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ আলফা স্বাধীনে অপহৰণ কৰা গোপাল উপাধ্যায় ওৰফে দীননাথক মুকলি কৰি অনাৰ দাবী জনাই ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৮ জুনত জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াৰ বাগিচাৰ পৰা গোপাল উপাধ্যায় ওৰফে দীননাথক আলফা স্বাধীনে দিন দুপৰতে অস্ত্ৰ দেখুৱাই অপহৰণ কৰি নিয়ে৷ ইতিমধ্যে আলফাই স্বাধীনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে। আলফা স্বাধীনে গোপাল উপাধ্যায়ৰ এটা ভিডিঅ’ মুকলি কৰি সেনাৰ চোৰাংচোৱা আছিল বুলি দাবী কৰে।
তাৰ পিছতে গোপাল উপাধ্যায় ওৰফে দীননাথৰ নিজ গাঁও উদয়পুৰৰ ৰাইজে গোপাল উপাধ্যায় ওৰফে দীননাথক মুকলি কৰি অনাৰ দাবীত হাতে বাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাধা চেতিয়া নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহৰ সন্মুখত৷ ব্যৱসায়ী ৰাধা চেতিয়াই প্ৰতিবাদকাৰীৰ সৈতে আলোচনাত মিলিত হয় আৰু গোপাল উপাধ্যায়ক মুক্তিৰ বাবে যি কৰিব লাগে তাকেই কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আশ্বাসত সৈমান হয় প্ৰতিবাদকাৰীয়ে৷ আনহাতে ৰাইজে শীঘ্রে নিৰীহ গোপাল উপাধ্যায়ক এৰি দিবলৈ আহ্বান জনায়। সুস্থ শৰীৰে গোপাল উপাধ্যায়ক এৰি দিবলৈ আহ্বান জনায় আলফাক।