ডিজিটেল ডেক্স |লিডুঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে সুলভ মূল্য সামগ্ৰীৰ কলা বজাৰ বন্ধৰ প্ৰতিবাদত আজি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু কলেজ তিনিয়ালিত যোগান মন্ত্ৰী ৰিহন দৈমাৰীৰ প্ৰতিমূৰ্তি দাহেৰে এক বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ন কৰে৷
আজি সংগঠনটোৱে লিডু বিৰলাগেট স্থিত কলেজ তিনিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগান মন্ত্ৰী হায়-হায়, বিজেপি চৰকাৰ হায়-হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। লগতে অতি সম্প্ৰতি মাৰ্ঘেৰিটা মহকুমাত সুলভ মূল্য সামগ্ৰীৰ ব্যাপক কলা বজাৰ বৃদ্ধি হোৱা বুলি অভিযোগ তুলি শীঘ্ৰেই এনে বেহা বন্ধ কৰিবৰ বাবে স্থানীয় জিলা প্ৰশাসনক আহবান জনায় সংগঠনটোৱে৷