কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কে ক্ৰমাৎ অশান্ত কৰি তুলিছে শান্তিময় অসমৰ প্ৰতিটো ক্ষণ। আজি তেনে ক্ষণৰেই আঁত ধৰি হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাকমুখত ডিৰাকমুখ জাগৰণ জ্যোতি যুৱক সংঘ আৰু স্থানীয় ৰাইজে মাঘ বিহুৰ উৰুকাৰ দিনত মেজিৰ তলত বীৰ লাচিতৰ নামত সংকল্প লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম তথা কেন্দ্ৰীয় চৰকাৰক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবৰ বাবে দাবী জনায় “হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক”, ” “নৰেন্দ্ৰ মোদী হুছিয়াৰ”, “সৰ্বানন্দ সোনোৱাল গ’ বেক”, “বিজেপি গ’ বেক”, “বিজেপি নিপাত যাওঁক”,”অসম চৰকাৰ হায় হায়”, “সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী” আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তেজিত কৰি তোলে ।