56
ডিজিটেল ডেস্কঃ ক্ৰমাত উত্তপ্ত হৈ পৰিছে দাৰ্জিলিঙৰ পৰিৱেশ৷ আজি পশ্চিমবংগৰ পৰ্যটন মন্ত্ৰী গৌটম দেৱৰ গাড়ী আবদ্ধ কৰিলে গোৰ্খা জনমুক্তি মৰ্চাই৷
ভানুভক্ত জন্মজয়ন্তী উপলক্ষে পানীঘাটলৈ গৈ থকা অৱস্থাত মন্ত্ৰীজনক মাজপথতে আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে৷ তদুপৰি বুধবাৰে ৰাতিৰ পৰাই বিমল গুৰুঙৰ দলে চহৰখনৰ বিভিন্ন অঞ্চলত বিক্ষিপ্ত কাৰ্যসূচী গ্ৰহণ কৰে৷