চতিয়াঃ গুৱাহাটীৰ মহানগৰীৰ ভোগেশ্বৰী ফুকননী ইন-ডৰ ষ্টেডিয়ামত যোৱা ২৯ অক্টোবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভৱিনাম সমৰকলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিশ্বনাথৰ চেম্পিয়নচ মেকাৰ অকাডেমীয়ে সাফল্য আৰ্জন কৰিবলৈ সক্ষম হয়।
বিশ্বনাথ চাৰিআলিৰ অকাডেমী খনৰ সঞ্চালক তথা সমৰকলাত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ, প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ তত্বাৱধানত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ সকলে ৮টা স্বৰ্ণ, ৫টা ৰূপৰ আৰু ৬টা ব্ৰঞ্জৰ পদক জিনিবলৈ সক্ষম হয়।