নগাঁওঃ সততে চৰ অঞ্চলক বিভিন্ন বদনাম দিয়া হয় যদিও সেই বদনামক একপ্ৰকাৰ ভেঙুচালি কৰি চৰৰ এগৰাকী ছাত্ৰই ইন্ধন অবিহনে যন্ত্ৰচালিত নাৱৰ আৰ্হি প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইন্ধন অবিহনে সৌৰ শক্তি অথবা বেটেৰীৰ জৰিয়তে এক যন্ত্ৰচালিত নাৱৰ আৰ্হি উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে চৰাঞ্চলৰ দুই ছাত্রই।
সোমবাৰে নগাঁও জিলাৰ জাৰামাৰী চৰ দেৱকান্ত বৰুৱা হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ বঁটাপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ চ’ছাইটীৰ সহযোগত অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগীতাত অংশ লৈ এক আৰ্হি উপস্থাপন কৰি স্থানীয় কান্দূলিমাৰী উচ্চ মাধ্যমিকৰ দুই ছাত্ৰ আদিলুৰ ৰহমান আৰু মুচানুৰ আহমেদে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।