ধেমাজিঃ পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে মোহ ভঙ্গ হৈছে জনসাধাৰণৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দুৰ্নীতি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰমনৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱা চৰকাৰখনে এতিয়া দিন যায় মানে দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ হাতুৰীৰে জনসাধৰণৰ মূৰত মাধমাৰ শোধোৱাহে পৰিলক্ষিত হৈছে৷
শেহতীয়াকৈ ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জনসাধৰণৰ সহনশীলতাৰ চৰম সীমা অতিক্ৰম কৰিলে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল-সংগঠনে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আজি দুৰ্নীতি আৰু মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ধেমাজি জিলা সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা।